পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৭ )

পুনৰ্ব্বাৰ শূল গৈল লবণৰ হাতে।
পৰিলে মান্ধাতা সব ৰাজা ভয় চিন্তে॥
পূৰ্ব্বৰ পুৰুষ তব মান্ধাতা ভূপতি।
মান্ধাতাক বধি দৈত্য ৰাখিলে খিয়াতি॥
আৰু কত শত ৰাজা কৰিলে সংহাৰ।
লবণক মাৰি ৰাম কৰা প্ৰতিকাৰ॥
হেন শুনি ৰাম চন্দ্ৰ দিলেক উত্তৰ।
নিশ্চয় চিন্তিবো মাৰ সি দুষ্ট দৈত্যৰ॥
কিন্তু এক কথা মুনি সোধো আপোনাক।
কি ৰূপে সম্বন্ধ হলে দানব ৰাক্ষস॥
আৰু কোন বুদ্ধি কৰি বধো লবণক।
ই সব বৃত্তান্ত মুনি মোক কহিওক॥
হেন শুনি মুনিবৰ দিলেক উত্তৰ।
শুনা ৰাম চন্দ্ৰ দশৰথৰ কুমাৰ॥
যি সময়ে দিগ্বিজয় হেতু দশানন।
পৃথিবীৰ নানা স্থানে কৰয় ভ্ৰমণ॥
সি সময়ে আসি মধু দৈত্য মহাবল।
লঙ্কা জিনি কুস্তনশী কৰিলে হৰণ॥
ৰাৱণ মাতুল হয় প্ৰশস্ত নামত।
তাহাৰ জিয়াৰী কুস্তনশী যে নামত॥
বলে ধৰি মধুয়ে আনিলে মথুৰাক।
লবণ হৈলেক জন্ম তাইৰ গৰ্ভত॥