পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৫ )

কুম্ভনশী গৰ্ভে জন্মে ৰাৱণ ভাগিনা। .
তাৰ সম বীৰ আৰু নাই কোনো জনা॥
শূল পাট লই যদি কৰয় সংগ্ৰাম।
তাৰ কিছু কথা কওঁ শুনা হে শ্ৰীৰাম॥
মান্ধাতা নামত ৰাজা তব পূৰ্ব্ব বংশে।
অযোধ্যাত ৰাজ্য কৰি ত্ৰিভুবন শাসে॥
ইন্দ্ৰক জিনিবে গৈল অমৰ ভুবন।
ভয়ত পলাই ইন্দ্ৰ হৈল অদৰ্শন॥
মান্ধাতাক মাতিয়া কহয় দেবগণ।
অৰ্দ্ধ ৰাজ্য ভোগ কৰা শুনা হে ৰাজন।
বনত অৰ্দ্ধেক লোৱা ইটো অম্ৰাৱতী।
দেবৰাজ সঙ্গে তুমি কৰি যোৱা প্ৰীতি॥
মান্ধাতা বদতি শুনিয়োক দেবগণ।
বাসবক জিনি লৈবোঁ অমৰ ভুবন॥
পূৰন্দৰে জিনি মই ৰাখিম পৌৰুষ।
তিনিও ভূবনে মোৰ হ’ব ইটো যশ॥
শুনি দেব সবে মিলি যুক্তি কৈলা সাৰ॥
বিনা যুদ্ধে ইয়াক পঠাইবো যম দ্বাৰ॥
ইন্দ্ৰে কহে বচন শুনাহে মহাৰাজ।
পৃথিৱীত আছে বহু বীৰৰ সমাজ॥
পৃথিবী জিনিবে যিটো ৰাজা অপাৰগ।
লজ্জা নাই আগে কিয় জিনিবে স্বৰ্গক॥