পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৪ )

হেথা ৰাম ৰাজ্য কবে পাত্ৰ মিত্ৰ লই।
তিনি ভাই সঙ্গে ৰাম প্ৰজাক পালই॥
এক দিনা মুনি এক ভাৰ্গব নামত।
উপনীত হলে আসি ৰামৰ সভাত॥
নমস্কাৰ কৰি ৰাম বন্দিলে চৰণ।
পাদ্য অৰ্ঘে পূজি দিলে বসিৱে আসন॥
ৰঘু পতি নিগদতি কোৱা তপোধন।
কি কাৰণে হেথা তব হৈল আগমন॥
ভাৰ্গব বদতি ৰাম কৰা অবধান।
আসিছো দুঃখ নিবেদিবে তব স্থান॥
ৰাৱণক মাৰি ৰক্ষা কৈলা ত্ৰিভুবন।
ৰাৱণ অধিক এক আছে দুষ্ট জন॥
সত্য যুগে আছিলেক মধু দৈত্য নাম।
হিৰণ্য কশিপু পুত্ৰ বৰ বল বাল॥
সদা শিব ভক্ত সিটো দৈত্য় বলবান।
শিবৰ বৰত জয় কৈলে ত্ৰিভুবন।
এক পাট শূল তাক শিবে দিলা দান।
মহা তেজ ধৰে শূল কিকৈৰো ব্যাখ্যান॥
মন্ত্ৰ পঢ়ি মধু দৈত্য শূল যদি এৰে।
শূল তেজে সৰ্ব্বলোক ভস্ম হই উড়ে॥
হৈলেক মধুৰ পুত্ৰ লবণ নামত।
স সাগৰা পৃথীজিনে শূলৰ বলত॥