পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৩ )

তাৰ পাছে ৰাম পিতৃ সত্য পালিবাক৷
লক্ষ্মণ সীতাক লই গলে অৰণ্যক॥
দণ্ডকাৰণ্যৰ মাজে শৈলেক বসতি।
সীতাক হৰিলে তাত ৰাৱণ দুৰ্ম্মতি॥
সীতা অন্বেষণে সুগ্ৰীবক লগ পাই।
বালীক বধিযা ৰাজ্য দিলে পুনৰাই॥
অনন্তৰে সাগৰত বান্ধিলেক সেতু।
বধিলে ৰাৱণ সীতা হৰণৰ হেতু॥
অগ্নিত পৰীক্ষা আনি কৰিলে সীতাক।
ব্ৰহ্মা দেৱে বহু স্তুতি কৰিলে ৰামক॥
চতুৰ্দ্দশ বৰ্ষ বনে কৰি পৰ্য্যটন৷
অযোধ্যাক আসিলে সভাৰ্য্যে ৰঙ্গ মন॥
অযোধ্যাৰ ৰাজ পাটে হইলেক ৰজা।
পুত্ৰ সম পালে প্ৰজা ৰাম মহাতেজা॥
ৰামৰ ৰাজ্যত কোনো নাই দুঃখী জন৷
ধৰ্ম্মৱন্ত ৰজা বুলি কয় সৰ্ব্বজন॥
প্ৰজাৰ ৰঞ্জন হেতু সীতা ত্যাগ কৰি।
অকলে থাকিলে সদা চিত্ত স্থিৰ কৰি॥
যি সময়ে সীতাক কৰিলে পৰিত্যাগ।
গৰ্ভৱতী আছিলে জানকী পঞ্চ মাস॥
বন মাজে বাল্মিকীয়ে পাই জানকীক।
আশ্ৰমে আনিয়া থাকিবাক দিলে বাস॥