পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


' ইটো কথা ৰামায়ণে বাল্মিকী ৰচিলা। উত্তৰা কাৰ মধ্যে ৰাম চন্দ্ৰ লীলা ইয়াক ৰচিবে মই কৰিলোহো মন। পদ বন্ধে ৰচিবে কৰিলে আৰম্ভণ। অযোধ্যাত আছিলেক ৰাজা দশৰথ। মহাবীৰ দানী মানী শাস্ত্ৰত পাৰ্গত। তাহা তনয় ৰূপে গোলোক বিহাৰী। পৃথিবীত আলি জন্ম ললে অংশে চাৰি। ৰাম ৰূপে জনমিলে কৌশল্যা গৰ্ভত। কৈকেয়ীৰ গৰ্ভে জন্মে নামত ভৰত। সুমিত্ৰাৰ গৰ্ভে জন্মে দুজন কুমাৰ। লক্ষণ শত্ৰুয় বুলি ঘোময় সংসাৰ। পৃথিবীৰ ভাৰ নিবাৰণে নাৰায়ণ। ৰামচ ৰূপে আসি হলেহি জনম || লক্ষ্মীও আসিয়া জমিলে পৃথিবীত। ক্ষেত্ৰ চাষ কালে তা পাইলেক জনক। পালন কৰিয়া তান নাম থ'লে সীতা। ক্ৰমে ক্ৰমে হলে সীতা ৰূপ গুণান্বিতা। অনন্তৰে ৰাম দশৰথৰ নন্দন। হৰ ধনু ভঙ্গ কৰি কৰিলে গ্ৰহণ। মে ৰাজ্য দিবে ইচ্ছিলেক দশৰথ। কৈকেয়ীৰ হেতু ৰা পাইলে ভৰত।