সমললৈ যাওক

পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰামায়ণ উত্তৰা কাণ্ডৰ অন্তৰ্গত

লবণ বধ।

আৰু

লব কুশৰ জন্ম উপাখ্যান।

নমো ভগৱতে বাসুদেবায় নমঃ।

“নাৰায়ণং নমস্কৃত্যং নবঞ্চৈব নৰোত্তমং।
দেবীং সৰস্বতীং ব্যাসং ততোজয় মুদীৰয়েৎ॥"
পদ
নমো নাৰায়ণ দেব ব্ৰহ্ম সনাতন।
নমো ৰামচন্দ্ৰ ৰক্ষ কুল বিনাশন॥
নমো মহা মায়া আদ্যা শক্তি ত্ৰিনয়নী।
নমো বাণী দেবী মাতা বিজ্ঞান দায়িনী॥
তোমাসাৰ পাদ পদ্ম ধৰি হৃদয়ত।
সম্প্ৰতি ৰচিবো মই লবণৰ−বধ॥