পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যমুনাক হই পাৰ বীৰ শত্ৰু ঘন। অযযাধ্যাত গই কৈল ৰামক বন্দন। তোমাৰ প্ৰসাদে প্ৰভো মাৰিলো লবণ। মথুৰা নগৰে বহুৱালো লোক জন। হেন শুনি ৰামচন্দ্ৰ দিলেক উত্তৰ। মথুৰাত ৰাজ্য তুমি কৰ। অতঃপৰ। পঞ্চ দিন মানে তুমি থাকা ই স্থান। তাত পৰে নাই বাহ মথুৰা দেশক॥ শ্ৰীৰাম লক্ষ্মণ আৰু ভৰত শত্ৰু। চাৰি ভাই একেলগে হলে সম্ভাষণ। চাৰি ভাই পাচ দিন একত্ৰে বঞ্চিলে। তত পাছে শত্ৰুঘন মধুৰাক গৈলে। মথুৰাত শত্ৰুঘন হইলেক ৰজা। অযোধ্যাত এৰাম পালন কৰে প্ৰজা। উত্তৰা কাণ্ডৰ মাজে লৰণৰ বধ। সমাপত হৈল এবে শুনা সভাসদ। মই অতি মূঢ় মতি নাজানো কথন। তথাপিত ইটো পদ কৈলো বিৰচন। অজ্ঞানীৰ ৰচনক তুচ্ছ নকৰিবা। ভগৱন্ত লীলা বুলি ইয়াক ভাবিবা। কলি কালে মাত্ৰ হৰি নামে ধৰ্ম্ম সাৰ। ঐ লোকে মুখ অন্তে পায় নি।