পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬ )

বীণাৰ স্বৰত গীত হ'ল আচম্বিত।
মধুস্বৰে গান হয় ৰামায়ণ গীত॥
দেশ এৰি সীতা আৰু শ্ৰীৰাম লক্ষ্মণ।
গছৰ বাকলি পিন্ধি প্ৰবেশিলে বন॥
ৰামৰ শোকত কান্দে কত পৰ লোক।
দশৰথ মৰিলেক পাই পুত্ৰ শোক॥
ভৰত মাতুল ঘৰে ৰাম বনে গৈল।
চাৰি পুত্ৰ থাকোতেও বাহি মৰা হৈল॥
চৌদ্ধ বছৰ থাকিলেক পঞ্চবটী বনে।
সীতা হৰি নিলে লঙ্কাৰ ৰাবণে॥
বহু যুদ্ধে জানকীক কৰিলে উদ্ধাৰ।
সবশে ৰাবণে বন কৰিলে সংহাৰ॥
এই ৰূপ গান হৈল গীত ৰামায়ণ।
সৰ্ব্ব লোকে শুনিলে কৰিবা জাগৰণ॥
শক্ৰয় বদন্তি মুনি কৰো নিবেদন।
কাৰ বিৰচিত এই গীত ৰামায়ণ॥
দুই শিশু পান কৰে কোন দুন্ জন।
মুনি কয় শুনা তুমি বীৰ শত্ৰু ঘন॥
মই ৰচিয়াছোঁ সপ্ত কাণ্ড ৰামায়ণ।
দুই শিশু গান কৰে শিষ্য দুয়ো জন॥
কথাবাৰ্ত্তা আলাপনে হৈলেক প্ৰভাত।
মুনিক প্ৰণামি বীৰ গলে অযোধ্যাক॥