পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেন জানি নৰলোকে এৰি আন কাম।
পাতক গুছোক মুখে বোলা ৰাম ৰাম॥


ডিব্ৰুগড় নামে যিটো আছয় নগৰ।
যাৰ অনুকুল সদা জল লৌহিত্যৰ॥
সি নগৰে ৰাজগুৰু ফুকন বশেত।
শ্ৰেষ্ঠ ব্ৰাহ্মণৰ কুল গৌতম গোত্ৰত॥
নিবসিলে লম্বোদৰ বলৰামাত্মজ।
লাভ কৰি প্ৰতিপত্তি জ্যোতিষ শাস্ত্ৰত॥
তাহান তনয় মোৰ নাম দেবৰাম।
শ্ৰীদুৰ্গাপ্ৰসাদ নামে খ্যাত মোৰ নাম॥
জগত আনন্দ পঞ্চাননৰ অগ্ৰজ।
ৰামেশ্বৰ দেৱশৰ্ম্মা ফুকন অনুজ অনুজ॥
ওঁঠৰস আঠাইশ শকঁৰ শেষ দিনে।
সংক্ৰান্তি মহা বিষুব হোৱয় গণনে॥
যিটো দিন গলে হয় বৰ্ষ আৰম্ভন।
সেই দিনে শেষ হৈল ইয়াৰ লিখন॥

ইতি ৰামায়ণ উত্তৰাকাণ্ডৰ অন্তৰ্গত
লবণ বধ আৰু লব কুশৰ
জন্ম উপাখ্যান
সম্পূৰ্ণ।