পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৫ )

বন উপবন ভাঙ্গি কৰিলে বসতি।
স্থান দি থাপিলে মনুষ্যকো নানাজাতি॥
প্ৰজাক পালন বীৰ কৰয় হৰিষে।
দ্বাদশ বছৰ নিবসিলে সিটো দেশে॥
মথুৰা নগৰী সবে কৰিয়া শাসন।
অযোধ্যা আহিলে হেতু ৰাম সম্ভাষণ॥
কটক সহিতে গৈল বাল্মিকীৰ দেশ।
সৈন্যসহ তপোবনে কৰিলে প্ৰবেশ॥
শত্ৰুঘ্নক দেখি মুনি হৰষিত মন।
শত্ৰুঘ্নে কৰিলে তান চৰণ বন্দন॥
মুণি কয় মহাবীৰ তুমি শত্ৰুঘন।
লবণক মাৰি ৰক্ষা কৈলা ত্ৰিভুবন॥
অনেক কষ্ট ৰাম বধিলে ৰাৱণে।
লৱণক বধ তুমি কৈলা এক দিনে॥
মানুহক খাই দৈত্য দেশে কৈল ছিন্ন।
নগৰ পাতিলা তুমি বধিয়া লবণ॥
এই বুলি মুনিবৰ পৰম সাদৰে।
ৰাখিলে সকলো সৈন্য অতিথি সৎকাৰ॥
সুগন্ধি কোমল অন্ন পায়স পিষ্টক।
বহুভোগে খুৱাইলেক সকলো কটক॥
সোণাৰ পালঙ্কে বীৰ কৰিলে শয়ন।
হেন কালে শুনিলেক গীত ৰামায়ণ॥