সমললৈ যাওক

পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

বৃক্ষৰ কোবত বীৰ হৈল অচেতন।
ঘৰত যাইবে মন কৰিলে লবণ॥
হেনকালে চেতনা লভিলে দাশৰথী।
সম্বিত পাইয়া উঠিলেক ধনু পাতি॥
বিষ্ণুবান যুৰি বীৰ কৰয় গৰ্জ্জন।
অস্ত্ৰ দেখি ভয় পাই কহয় লবণ॥
ক্ষণেক ক্ষমাহা মোক খাওঁ ভক্ষ পানী।
পালটী আসিয়া যুদ্ধ কৰিবোহো আমি॥
মনে ভাবে শূল আছে দেবপূজা ঘৰে।
সবাকো বধোহো আনি শূলৰ প্ৰহাৰে॥
তাৰ মনো গত ভাব বুজি শত্ৰুঘন।
কহিবে লাগিলে বীৰ কৰিয়া গৰ্জ্জন॥
কৰিবি ভোজন তয় উপবাসী ময়।
দুয়ো উপবাসে যুদ্ধ কৰিবে লাগয়॥
এতিয়া ভোজনকৰা উচিত নহয়।
ভোজন কৰিবি তয় গই যমালয়॥
কুপিলে লবণ বীৰ দুৰ্জ্জয় প্ৰতাপ।
আহাৰ কৰিবে নিদিলিবে মহাপাপ॥
ৰঘুবংশে জন্ম তোৰ সৰ্ব্বলোকে জানে।
ৰঘুকুল উজ্জ্বল কৰিলি অত দিনে॥
এই বুলি খেদি আইলা দুৰ্জ্জয় লবণ।
ধনুক টঙ্কাৰি বান এড়ে শত্ৰুঘন॥