পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১২ )

লবণৰ কথাক কৈলেক শত্ৰুঘন।
মিছা গৰ্ব্ব কৰ কিয় পামৰ লবণ॥
তোৰ যে মাতুল সিটো নামত ৰাবণ।
শ্ৰীৰামৰ হাতে দুষ্ট হৈলেক নিধন॥
শ্ৰীৰামৰ ভাই ময় তোকহে বিচাৰো৷
তোক বধকৰি মোৰ সাধ পূৰ্ণ কৰো॥
লবণ কৈলেক ক্ৰোধে শুন শত্ৰুঘন।
তোক বধি নিবাৰিবো মাতাৰ ক্ৰন্দন॥
মাতুলে কৰিলে বধ তোৰ সহোদৰ।
আজি তোক মাৰি পঠিয়াও যমঘৰ॥
তোৰ বংশ ৰাজাসবে কৰো তৃণজ্ঞান।
সসৈন্য মাৰিলো তাকে মান্ধাতায়ে নাম॥
হেন শুনি কয় কথা সুমিত্ৰা নন্দন।
তাৰ সোধ লৈবে আইলো শুনৰে লবণ॥
ৰামৰ কনিষ্ঠ তোক নকৰোহে ভয়।
তোক যধি আজি পঠিয়াইবো যমালয়॥
শুনিবা লবণ বীৰ সিংহ যেন গৰ্জ্জে।
হাতে বৃক্ষ কৰি আইলা যুজিবাৰ সাজে।
গছ শিল লই দৈত্য কৰে মহামাৰ।
শত্ৰুঘ্নৰ বহু সৈন্য গৈলে যমদ্বাৰ॥
এক বক্ষ লই নিটো দানব দুৰ্জ্জয়।
শত্ৰুঘ্নক প্ৰহাৰ কৰিলে অতিশয়॥