পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১১ )

লবণৰ হেতু লব কুশ হেতু কুশ।
মুনিয়ে ৰাখিলে দুইৰো নাম লব কুশ॥
দিনে দিনে বাঢ়ে দুই শিশু মহাৰথ।
এবে শুনিয়োক লবণৰ বধ কথা॥
শত্ৰুঘ্ন বাল্মিকী দুয়ো কথা বাৰ্ত্তা কই।
সেই ৰাত্ৰি বঞ্চিলেক আনন্দ হৃদয়॥
প্ৰভাতত উঠি সৈন্য কৰিলে সাজন।
মুনিক প্ৰণাম কৰি কৰিলে গমন॥
বাল্মিকীৰ উপদেশ লই শত্ৰুঘন।
মথুৰাক যাত্ৰা কৈল বধিবে লবণ॥
প্ৰভাতে লবণ গলে বিচাৰি আহাৰ।
সৈন্য সহ শত্ৰুঘ্নেও নদী হৈল পাৰ॥
মথুৰাৰ গড় বেঢ়ি ৰৈলে শত্ৰুঘন।
হেনকালে মৃগ লই আহিলে লবণ॥
সৈন্যসবে ঘৰ পথ বেৰিয়া আছিলে।
তাক দেখি দুষ্ট দৈত্য লবণ কুপিলে॥
মৃগক পেলাই এক বৃক্ষ তুলি ললে।
বৃক্ষৰ আঘাতে বহু সৈন্যক বধিলে॥
সৈন্য নাশ দেখি আসিলেক শত্ৰুঘন।
শত্ৰুঘ্নক দেখি ক্ৰোধে কহয় লবণ॥
কি কাৰণে মৰিবে আহিছ হেৰ তয়।
তোৰ সম কত ৰাজা বধিলোহো ময়॥