পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১০ )

শূল এৰি যাই যেবে অৰণ্য ভিতৰ।
সেই সময়তে বেৰি লবা তাৰ ঘৰ॥
যদি সেই শূলপাট নাপায় ৰাক্ষস।
তাৰ বধ হেতু তেন্তে কৰিবা সাহস॥
শূল বন্দিবাক যদি নোৱাৰিবা।
দৈত্যৰ লগত তেবে যুদ্ধ নকৰিবা॥
এই ৰূপ কথোপ কথনে দুই জন।
সেই ৰাত্ৰি মুনি ঘৰে কৰে কৰিলে যাপন
বাল্মিকী শত্ৰুঘ্নে যেবে কয় কথা বাৰ্ত্তা ।
সিসময়ে দুটী পুত্ৰ প্ৰসবিলে সীতা॥
শিষ্যসবে কয় আসি মুনিৰ আগত।
দুগুটী তনয় সীতা কৰিলে প্ৰসব॥
মুনি কয় গোপনত ৰাখা শিষ্যগণ।
এই কথা যেন নুশুনয় শত্ৰুঘন॥
মতান্তৰ আছে আত শুনা সৰ্ব্বজন।
বাল্মিকী নদীৰ তীৰে কৰয় তৰ্পণ॥
মুনিক সংবাদ দিলে শিষ্য একজন।
প্ৰসবিলে সীতা দুই যমজ নন্দন॥
আনন্দিত হই মুনি কৈলেক শিষ্যক।
লোণ আৰু কুশসহ ঘহিবে শিশুক॥
মুহিবাক্য শুনি শিষ্যে কলে জানকীক।
হৰ্ষযুক্ত হই সীতা ঘহিলে পুত্ৰক॥