পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হেন শুনি ৰামে তাক দিলে অনুমতি। মৰ কৰিবে বহু শিকালে সুনীতি। বিষ্ণু-অস্ত্ৰ নামে মহাবান শ্ৰীৰামৰ। শত্ৰুমুক দিলে দৈত্য কৰিবে সংহাৰ। ৰামৰ আদেশ পাই বীৰ শত্ৰুঘন। কৰিলে সকলে স গ্ৰামৰ আয়োজন। মাতৃ ভ্ৰাতৃ আদি কৰি সবাকো প্ৰণামি। পাত্ৰ মিত্ৰ গণ মানে লইয়া মেলানি। শুভক্ষণে যাত্ৰা কৈল কৰিয়া সাজনি। পদাতিক লই সঙ্গে সাত অক্ষৌহিণী। কতদিন পাছে পালে বল্মেীকিৰ দেশ। একত্ৰি সেই অশ্ৰিমত কৈলে বাস॥ “ম্নে বন্দিলে সেই মুনিৰ চৰণ। বামৰ আজ্ঞাত সাওঁ বধিবে লবণ। হেন শুনি মুনি বৰ প্ৰশংসিলে তাক। বহ্মমন্ত্ৰ উচ্চাৰি কৰিলে আশীৰ্বাদ। শৰ বধ যুক্তি কওঁ শুনা শত্ৰুঘন। মুগ মাৰিবাক সদা যায় লবণ। সেই সময়ত তাক কৰিবা নিধন। এই যুক্তি ভাল হয় শুনা শত্ৰুঘন। হেশৰ শূল এক আছে তাৰ ঘৰে। ই শূল লই নিটো সবাকে সংহাৰে।