পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৮ )

ৰাবণৰ সঙ্গে পাছে মৈত্ৰতা কৰিলে।
সেই ৰূপে ৰাক্ষসী দৈত্যৰ ভাৰ্য্যা হৈলে॥
ৰাৱণৰ সঙ্গে মধু দৈত্য মহাবল।
দিগ্বিজয় কৰি ভ্ৰমি ফুৰে ত্ৰিভুবন॥
তাৰ মৃত্যু পাছে ই লবণ হ’ল ৰাজা।
মুনি ঋষি হিংসয় বধিলে বহু ৰাজা।
মত্ত হস্তী খাই দিনে দশেক হাজাৰ॥
পালে পালে মৃগ মাৰি কৰয় আহাৰ॥
মুনি নিগদতি সিটো মহা বলবান।
তাৰ বৰ যুক্তি কওঁ শুনা হে শ্ৰীৰাম॥
ৰজনী প্ৰভাতে যাই মৃগৰ উদ্দেশে।
অৰণ্যত ভ্ৰমে সিটো ভোজনৰ আশে॥
শূল পাট থই যাই শিব পূজা ঘৰে।
দুই প্ৰহৰৰ পাছ বন হন্তে ফিৰে॥
যি সময়ে সিটো শূল পাট এৰি থাকে।
সেই সময়তে তাক বধিবাক লাগে॥
এই বুলি ভাৰ্গব গৈলেক নিজস্থান।
পাত্ৰ মিত্ৰ সঙ্গে ৰাম কৰে অনুমান॥
হেন কালে কৰ যোৰে কয় শত্ৰুবন।
মোক কৰি আজ্ঞা বধিবে লবণ॥
তুমি আৰু লক্ষ্মণ কৰিলা বহু ৰণ।
মোক পঠায়োক এৰে বধিবে লবণ॥