পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

 ওজাপালীৰ গীত পদ সমূহ কিছুমান কাৰণত অৰ্থপূৰ্ণ নহয় যেন অনুমান হয়। কাৰণ আগতে উল্লেখ কৰা কাৰণ সমূহ

 ১। ওজাপালী লোক কলাৰ কোনো আনুষ্ঠানিক শিক্ষা কেন্দ্র নথকাৰ বাবে ইয়াৰ পদ পুথিবোৰ ভুলৰ মাধ্যমতে চলি আছে।

 ২। এইবিধ কলাৰ কোনো লিখিত পুথি নাই। যাৰ জৰিয়তে শিল্পীসকলে শুদ্ধভাৱে আখ্যান বা দেৱ-দেৱীৰ বন্দনা সমূহ পৰিৱেশন কৰিব পাৰে।

 ৩। শিল্পী সকলৰ শিক্ষাগত অৰ্হতাৰ অভাৱত কলাবিধৰ গুণগত মানদণ্ডৰ উন্নতিৰ পথ অবৰুদ্ধ ৷

 ৪। শিল্পীসকলৰ আৰ্থিক অনাতনৰ বাবে বহুক্ষেত্ৰত শিল্পীসকল চিৰকালে সমাজত হেয় প্রতিপন্ন হৈ আহিছে।

 ৫। শিল্পী সকলৰ জীৱন ধাৰা অনুমান কৰিলে দেখা যায় কলাবিধৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্য বাধকতা বা কোনো ধৰণৰ নীতিগত প্ৰণালী বা নিয়মাৱলী নথকাৰ বাবে এই লোককলাবিধৰ প্ৰচাৰ মাধ্যম সাধাৰণ সমাজখনৰ মাজতেই সীমিত।

 ৬। এইবোৰ কাৰণতে উচ্চ শ্ৰেণীৰ মানুহৰ সমাজখনৰ দৃষ্টিত এই লোককলাবিধ ক্রমান্বয়ে অপৰিচিত হৈ আহিব ধৰিছে।

 ৭। এই লোককলাবিধত সাধাৰণতে স্থানীয় ভাষা বহুলভাবে ব্যৱহাৰ হোৱাৰ বাবে উজনী অসম বা আমাৰ বাহিৰৰ কিছুমান ঠাইলৈ ইয়াৰ পৰিৱেশন কৰা অতি কঠিন আৰু অনাবশ্যক হৈ পৰা যেন অনুমান

হৈছে। সেইবাবে কিছু ক্ষেত্ৰত গাঁও অঞ্চলৰ কৃষ্টি বুলি বহুতে মত পোষণ

৫০