পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

৮। বাথৌ পূজা
৯। শিৱ পূজা
১০। হোম যজ্ঞ
১১। বিশ্বকৰ্মা পূজা

 ইত্যাদি অনুষ্ঠানবোৰত ওজাপালীৰ প্ৰয়োজনীয়তা পূৰ্বকালৰে পৰা পালন হৈ আহিছে। প্ৰতিখন পূজা বা অনুষ্ঠানত বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি ওজাপালী শিল্পী সকলে উক্ত বিষয়ত সমাজক সম্যক জ্ঞান দিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। ইমানবোৰ বিষয়বস্তুৰ ওপৰত স্মৰণ শক্তিৰ জৰিয়তে যি জ্ঞান এই কলাবিধৰ জৰিয়তে সমাজ বা ব্যক্তিয়ে পাবলৈ সক্ষম হয় আন কোনো লোককলাই এই জ্ঞান বিতৰণ কৰিবলৈ সমৰ্থ নহয়। হিন্দু শাস্ত্ৰ সমূহত দেৱ-দেৱীৰ গুণানুকীৰ্ত্তন কৰাৰ যি নীতি বা পদ্ধতি তাক কেৱল ওজাপালী নৃত্য কলাৰ মাধ্যমতহে উপলব্ধ হয়। হিন্দু ধৰ্মৰ পুৰাণ সমূহে সমাজৰ অবিদিত বহু জ্ঞান ভড়ালপূৰ্ণ কৰি ৰাখিছে। প্ৰতিখন পুৰাণত শিক্ষা, ধৰ্ম, সমাজ ব্যৱস্থা আদি বিষয়বোৰ বহুলভাবে সন্নিবিষ্ট কৰি থৈছে। এই সমূহ ধৰ্মশাস্ত্ৰৰ প্ৰভাৱত সুস্থ-সৱল সমাজ গঠনত প্ৰয়োজনীয় জ্ঞান সমূহ সুন্দৰ কাহিনীৰ আধাৰত মনিষি সকলে প্ৰকাশ কৰি গৈছে৷ জ্ঞান পুষ্ট মনীষি সকলে চৰিত্ৰ অধ্যয়ন কৰিলে আমি দেখিবলৈ পাও যে কৰ্ম আৰু ধৰ্মৰ অবিচ্ছিন্ন সম্পৰ্ক। কৰ্মক বাদ দি ধৰ্ম কেতিয়াও প্ৰাপ্য নহয়। যদি হয় এই ধৰ্ম আত্মকেন্দ্ৰিক, সমাজ বা দহৰ সংস্কাৰ বা

মুক্তি এই ধৰ্মই কৰিব নোৱাৰে৷

৪৯