পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

কৰে।

 ৮। কোনো বিজ্ঞ ব্যক্তিৰ আশানুৰূপ সহানুভূতি, অন্তর্নিহিত গৱেষণাৰ অভাৱত কলাবিধৰ নতুনত্বৰ পথ সুগম হৈ উঠা দেখা নাযায় ৷ কোনোৱে এই কলাবিধৰ পদ-পুথিবোৰ লিপিবদ্ধ কৰা বা শুধৰণি কৰাৰ কথা নভবা বাবেও আন কিছুমান কলাৰ দৰে ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছে।

 ৯। ওজাপালী মাধ্যমত পৰিৱেশিত পুৰাণবোৰ সাধাৰণতে সংস্কৃত ভাষাত লিখা। দুই এখন পুৰাণ অসমীয়া ভাষালৈ ৰূপান্তৰিত হৈছে। । বাকী পুৰাণ সমূহ বেছিভাগে বঙালী ভাষাত পোৱা যায়। সেইবাবে পদ পুথিবোৰত বঙালী শব্দ বা অন্যান্য ভাষাৰো কিছু ছা পৰা বুলি ক’ব লাগিব ৷

 ১০। অসমৰ লোক কলাৰ জনক এই ওজাপালী বিশ-একৈশ শতিকাত পাঠ্যপুথিত অন্তৰ্ভূক্ত কৰা হৈছে। এইয়া এখন দেশ, এটা জাতিৰ বাবে অতি শুভলক্ষণ। দৃঢ়তাৰে আমি ক’ব পাৰো পাঠ্যপুথিৰ এই পাঠে শিশু সকলৰ চৰিত্ৰ গঠন, সামাজিক দায়বদ্ধতা, ডাঙৰ বা পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱ সুন্দৰভাৱে গঢ় দিব পাৰিব। ধৰ্ম চৰ্চাৰ কিছুমান উপদেশো শিশু সকলে বাল্যকালৰ পৰাই আহৰণ কৰিব পাৰিব। এই শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ বিকাশত যথেষ্ট অৰিহণা যোগাব বুলি আমাৰ

গভীৰ বিশ্বাস।

৫১