পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ওজাপালী উপস্থাপন কৰে।

 এটা নামঘৰ যেনেকৈ সমাজৰ কেন্দ্ৰবিন্দু তেনেধৰণে লোককলা সমূহো এখন সুস্থ সমাজ গঠনৰ মূল আহিলা বুলি অভিহিত কৰিব পাৰি। কামিহাড়ৰ দুৰ্বলতাই যেনেধৰণে ৰাজহাড় নিশকতিয়া হয় তেনেধৰণে লোককলা কৃষ্টি সমূহে জাতি-জনজাতি বা সমাজৰ সংহতিৰ অনগ্ৰসৰতাৰ কাৰণ হ’ব পাৰে। কাৰণ কলাবোৰ মানুহৰ মনৰ আৱেগ-অনুভূতি, বৈষম্যতাৰ দৰে ৰিপুবোৰক দমন কৰিবলৈ সংস্কাৰৰূপী সংস্কৃতিৰ প্ৰয়োজন। ওজাপালী এনে এটা লোক সংস্কৃতি যাৰ মাধ্যমত সমাজৰ বিষাক্ত ৰিপু সমূহ দমনৰ যথেষ্ট নীতি বা আদৰ্শ দাঙি ধৰা হৈছে।

 ওজাপালী অকল মনসা পূজাতেই সীমাবদ্ধ নহয়। হিন্দু সমাজৰ শাস্ত্ৰত উল্লেখিত দেৱ-দেৱী সকলৰ লগত জৰিত পূজা-অৰ্চনাৰ ক্ষেত্ৰত এই লোককলা বিধৰ অতিকৈ প্ৰয়োজন৷ ব্ৰাহ্মণ অবিহনে যেনে ধৰণে বৈদিক পূজা এভাগ কৰাটো সম্ভৱ নহয়, তেনেধৰণে ওজাপালী অবিহনে পূজা ভাগৰ সৌষ্ঠৱ উপলব্ধি নহয়৷ উল্লেখ কৰিব পাৰি—

  ১। দুৰ্গা পূজা

  ২। কালী পূজা

  ৩। গণেশ পূজা

  ৪। সৰস্বতী পূজা

  ৫। লক্ষ্মী পূজা

  ৬। বাসন্তী পূজা

  ৭। জগদ্ধাত্ৰী পূজা

৪৮