পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

প্ৰতি আকৰ্ষণ, নীতিবাচক ভাবধাৰাৰ প্ৰকাশ ঘটাই মনত থকা সংকীৰ্ণতা বদান্যতাৰ অঙ্কুৰিত বীজবোৰ বিনাশ কৰে। এখন সুস্থ-সবল সমাজ গঢ়িবলৈ প্ৰথমে নিজক সংস্কাৰ কৰাৰ পথ লোক কলা সমূহৰ মাজত প্ৰাচীন কালৰ পৰা অনুভৱ হৈ আহি আছে।

 সমাজ সংস্কাৰৰ মাধ্যম লোককলা বুলি কোৱাৰ থল আছে প্ৰতি জাতি-জনগোষ্ঠীৰ। লোককলাত জাতি-জনজাতিৰ বিকাশ হয়। ক্ৰমবৰ্ধমান সমাজখন আধুনিকতাৰ ৰহন লাগি নিজস্বতা হেৰুওৱাৰ সংকেত বিভিন্ন ক্ষেত্ৰত পৰিস্ফুত হৈছে৷ ই জাতিৰ বাবে শুভ লক্ষণ নহয়। তথাপি পৰীক্ষামূলকভাবে সকলোবোৰ কৃষ্টিৰ তুলনা কৰিলে দেখা যাব, সকলো কৃষ্টিৰ মূল ওজাপালী নিবদ্ধ হৈ আছে। কেৱল নৃত্য বা প্ৰকাশভঙ্গী বেলেগ। লোকগীত, ঝুমুৰ, জিকিৰ, বিহু, চাওতালী, মহোহো, হোলী গীত, নাওখেল গীত, পুতলা নাচ, বড়ো নৃত্য ইত্যাদি লোককলাবোৰে জাতি-জনগোষ্ঠীৰ সমন্বয় আৰু জাতিৰ গৌৰৱ বুলি কলে বোধয় দ্বিমত নাথাকে। কিন্তু এই লোককলা সমূহৰ নৃত্যগীতবোৰ চুটি আৰু টুকুৰা টুকুৰা গীতৰ সমষ্টি। ইয়াত কবলৈ হলে ধাৰাবাহিকতা নাথাকে। গীতবোৰ ঘটনা বহুল বা কাহিনীৰ আধাৰত নহয়৷ আনহাতে ওজাপালি গীত একোটা মৌলিক কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত। বৈদিক আবেষ্টনিৰ মাজত ধাৰাবাহিকতা ৰক্ষা কৰি কাহিনীবোৰ সমাজত উপস্থাপন কৰা একমাত্ৰ লোককলা ওজাপালী। সেয়েহে তুলনাবিহীন এইবিধ লোককলা। বিভিন্ন পুৰাণ-উপপুৰাণৰ কাহিনী সমূহৰ উপৰিয়ো বাস্তৱত

ঘটি থকা সমাজৰ কু-সংস্কাৰবোৰৰ পদ বা গীতৰ মাধ্যমেৰে সময়ে সময়ে

৪৭