বৰদক
বৰ দকৰ আলোচনা ইতিমধ্যে কৰিছোঁ। এই বৰ দকত এটা বিশেষ দক কৰা হয়। এই দকক অর্ধচন্দ্র দক বোলা হয়। এই দক বৰ কঠিন যদিও ইয়াৰ পদ বা পদ্ধতিৰ ত্রুটি হয় তেনেহলে দকত অজ্ঞান হৈ থকা দেওধা বা দেওধনীক স্মৃতি ঘূৰাই অনাত বৰ কঠিন হয় বাবে সাধাৰণতে ওজাপালী দল সমূহে এই অর্ধচন্দ্ৰ দক কৰা দেখা নেযায়। ত্রুটিপূর্ণ দক কাৰো বাবে উচিত নহয় ৷ সেয়েহে ওজাপালী নতুন শিকাৰু সকলে অর্ধচন্দ্ৰ দক কৰিব নিবিচৰাটো ভাল প্ৰণালীৰ মাজেৰে সাধাৰণ দক কৰিলে একো ভুল নহয়। বিশেষকৈ দকৰ সময়চোৱাত শৌচ বা প্ৰচাব কৰি দক চুব নালাগে। দক তোলাৰ পিছত পানীৰে দকৰ ঠাই শুদ্ধ কৰিব লাগে। অর্ধচন্দ্ৰ দক তোলাৰ পিছত জল পৰা দি আৰোৱা চাউল দকৰ ওপৰত চতিয়াব লাগে। লক্ষিন্দাৰে প্ৰাণ পোৱাৰ পিছত এটা দান পৰ্ব হয়। কাৰণ যেতিয়া লক্ষিন্দাৰ জী উঠে সেই অৱস্থাত তেওঁ উলঙ্গ অৱস্থাত থাকে ৷ সেয়েহে সেই অৱস্থাত দিয়া দান অতি উত্তম দান।
১। বস্ত্র দান ২৷ ফুুলৰ মালা ৩। অর্থ ৪। সুগন্ধী তেল ইত্যাদি
তাৰ পিছত দ্বিতীয় দিনৰ শেষ কাৰ্য্যসূচী সমাপ্ত হয়। এই কাৰ্য্যভাগ অৰ্থাৎ দকৰ সম্পূৰ্ণ কাৰ্য্যৱলী দৰ্শক বা সমাজে গোটেই নিশা উপভোগ কৰে। অনাদি কালৰ পৰা প্ৰতিখন তিনিদিনীয়া বা পাঁচ দিনীয়া মনসা পূজাত এই ভাটীয়ালি পদ দক পৰিৱেশন কৰা হয়। কিন্তু ভাটিয়ালীৰ
এনে এটা মাদকতা আছে যাৰ বাবে ভাটীয়ালি নৃত্য নতুন অনুভৱ হয়।
৪২