পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

কোনো ব্যক্তি বা সমাজে ভাটীয়ালিৰ পৰিৱৰ্ত্তে আন পদ পৰিৱেশন কৰাৰ কথা নকয়। কিয়নো ভাটীয়ালিৰ মাজত থকা অৰ্থপূৰ্ণ আৰু উপদেশময় কাহিনীয়ে মানুহৰ মন চিৰদিনে আপ্লুত কৰে।

 ধৰ্মই সমাজ গঢ়ে, ধৰ্মই সমাজ পৱিত্ৰ কৰে। পৱিত্ৰতাই সমজুৱাক মনৰ কলুসিত ভাৱধাৰাক বহু দূৰলৈ আঁতৰাই লৈ যায়। উল্লেখ কৰিব পাৰি এই পূজাক কেন্দ্ৰ কৰি দুদিন ধৰি দৰ্শক বা সমাজ বা চুবুৰীয়াই এক পৱিত্ৰ মনেৰে পূজাৰ অনুষ্ঠান উপভোগ কৰে। কাৰো অন্তৰত এই সময়চোৱাত হিংসা-বিদ্বেষী ধালিনতা দেখা নাযায়। অনুভৱ হয় যেন ওজা পদসমূহ এখন জ্ঞানৰ বিশ্ববিদ্যালয়। শ্ৰেণীকোঠাত পাঠদান হে কৰি আছে আৰু বাধ্য ছাত্ৰ-ছাত্ৰীৰ দৰে সমাজে এই পদৰ গূঢ়াৰ্থবোৰ হৃদয়ঙ্গম কৰিছে। সেয়েহে এই প্ৰাচীনতম লোককলা ওজাপালীক সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাই তাৰ ঠাইত এখন নিকা–শৃংখলাবদ্ধ সমাজ গঢ়াত মূল্যৱান উপাদান সমূহ ইয়াৰ মাজত নিৱদ্ধ হৈ থকা বুলি জ্ঞানী ব্যক্তি সকলে দৃঢ়তাৰে প্ৰকাশ কৰে।

 তৃতীয় দিনৰ কাৰ্য্যসূচী ৰাতিপুৱা আনদিনা পূজা কৰা ফুল- বেলপাত, অলাগতিয়াল দ্ৰব্য সমূহ আঁতৰাই মণ্ডপ পৰিস্কাৰ কৰি নতুনকৈ মাহ-প্ৰসাদ আগবঢ়াই দেৱীৰ বিদায় পূজাভাগ কৰা হয়। গৃহসথ বা সেৱক সকলে স্নান কৰি পৱিত্ৰ কাপোৰ পৰিধান কৰি দেৱীৰ শেষ পূজাভাগত অংশগ্ৰহণ কৰি সভক্তিৰে দেৱীক পুষ্পাঞ্জলি প্ৰদান কৰে। তিনিদিনৰ এই সম্পূৰ্ণ কাৰ্য্যসূচীত সমাজৰ যি ভক্তিপূৰ্ণ সহযোগিতা ই অকল পূজা

। কৰ্ত্তাকে নহয় গোটেই সমাজখনক দেৱীৰ আশীষ প্ৰাপ্ত কৰে। সকলোৱে

৪৩