পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


চেতন পাই কালীৰ মুৰত উঠি নৃত্য কৰিবলৈ ধৰিলে ৷ ফলত কালী নাগৰ মুখেৰে হলা হল ৰক্ত পৰিবলৈ ধৰিলে ৷ নাগকন্যা সকলে কৃষ্ণক স্তুতি কৰিবলৈ ধৰিলে। এইয়া কৃষ্ণৰ দক বা গোহায় দক বুলি কোৱা হয়।

চায়া দক

চায়া দক চান্দ সদাগৰে পুত্ৰ লক্ষিন্দাৰক দৰা সজাই উজয়নী নগৰলৈ গ'ল৷ যেতিয়া দৰা কলৰ গুৰিৰ পৰা ৰভাৰ তলত আসনত বহে পূৰ্বাপৰ নীতি অনুসৰি বিবাহৰ প্ৰথম কাৰ্য্যসূচী মতে দৰাই দেৱ-দেৱীৰ পূজা কৰিব লাগে। সেইমতে লক্ষিন্দাৰেও পূজা কৰিছিল । কিন্তু পিতৃৰ বিবাদী দেৱতা বুলি পদ্মাক লক্ষিন্দাৰে পূজা নকৰিলে। তাৰ ফলত দেৱী পদ্মা ৰুক্ত হৈ কোপ দৃষ্টিৰে লখিন্দাৰক ৰভাৰ তলত মাৰি পেলালে। ইয়াকেই চায়া দক বুলি কোৱা হয়৷ সতী বেউলাই এই কথা জানি ফুল জল লৈ কালীদহ সাগৰৰ মাজত দেৱীৰ মন্দিৰলৈ গৈ নিজৰ দেহৰ অঙ্গ প্রত্যঙ্গৰে দেৱীৰ পূজা কৰি এক বিৰল কৃতিত্ব দাঙি ধৰে ৷ বেউলাৰ পূজাত সন্তুষ্ট হৈ দেৱী মনসাই বেউলাক অলপ ফুল জল দি কলে এই ফুল জল তোৰ স্বামীৰ শৰীৰত স্পৰ্শ কৰিলে তোৰ স্বামী পুনৰ জীৱন পাব। মই তোক আশীৰ্বাদ কৰিলো তোৰ কটা অঙ্গবোৰ জোৰা লাগিব। সেই ফুল জলেৰে বেউলাই লখিন্দাৰক জীয়াই তুলিছিল৷ এই কাৰ্য্যখিনি চায়াদক

নামে জনাজাত।

৪১