পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

ব্যৱস্থাৰ লগত একতাৰ জাৰিৰে বান্ধি ৰাখিব । পবিত্ৰতা, একাত্মতা বোধ, আদর্শ, নৈতিক দায়িত্ব এই ক্ষেত্ৰ সমূহৰ পৰা সমাজখনক সুশৃঙ্খল ভাবে আগুৱাই নিয়া বা পৰিচালনা কৰাৰ দক্ষতাও। এই উৎসৱ বা পূজা পার্বন সমূহৰ পৰা সমাজৰ বিশেষ উপকাৰ সাধন হয়। বৈদিক পদ্ধতিৰ উপৰিও পূজা-পার্বন সমূহে কিছুমান লৌকিক কথা বা পৰম্পৰাও বহন কৰি আহিছে। যি সমূহ পৰম্পৰা বৈদিকৰ দৰে সমাজত লৌকিকতাৰ পৰা অনাগত কাললৈ সমাজক প্ৰভাৱান্বিত কৰি ৰাখিব। সমাজ ব্যৱস্থাত ধৰ্ম এটা অপৰিহাৰ্য্য অঙ্গ। দিনক বাদ দি ৰাতিৰ অস্তিত্ব যেনেকৈ সম্ভৱ নহয় তেনেকৈ ধৰ্মক বাদ দি এখন সুস্থ সমাজ গঢ় দিয়াটো বৰ কঠিন ৷ ধৰ্মশাস্ত্ৰ সমূহৰ নেতিবাচক দিশবোৰে সমাজখনক মানসিক ভাবে যথেষ্ট গঢ় দিয়াৰ থল আছে। ধ্বংসমুখী সমাজ বা সমজুৱাক বিশৃংখল জীৱন যাপন কৰাৰ পৰা আঁতৰাই এক সুশৃংঙ্খল জীৱনৰ সন্ধান দিবলৈ আমাৰ ধৰ্মীয় অনুষ্ঠান বা শাস্ত্ৰ সমূহৰ মাজত বহু উপদেশ বা উদাহৰণ নোহোৱা নহয় ৷

ধৰ্ম আৰু যাজক

 ধর্মসমূহ মানুহ বা সমাজৰ হৃদয়ত বা অন্তৰত অনুভূত এটা চিত্তক বিষয় ৷ যিকোনো ধৰ্মৰ মাধ্যম পৱিত্ৰতা। ভগৱান বা দেৱ-দেৱীৰ উপলব্ধি কৰাৰ ঐকান্তিক প্রচেষ্টাই ধৰ্ম। ঐশ্বৰিক কোনো শক্তিৰ অনুভৱৰ নাম ধর্ম। ।সূক্ষ্ম চিন্তা-চৰ্চাৰে অনুভূতিৰ আধাৰত উপলব্ধ হোৱা সুগভীৰ চিন্তাৰে নাম ধৰ্ম। নিজক পৰিচালনা কৰা এক অদৃশ্য শক্তিৰ নাম ভগৱান ৷ ভগৱান

প্ৰাপ্তিৰ পথ ধৰ্ম।

৩০