পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

৩। লাৰু পিঠা
৪। পৰমান্ন মিঠাই
৫। নিৰামিষ ভাতৰ ভোগ দিয়াৰো নিয়ম প্রচলিত।

ভোগ সমূহৰ ব্যৱহাৰ :

 পূজা শেষ হোৱাৰ পিছত দেৱীৰ অবষিষ্ট হিচাবে প্ৰসাদবোৰ বিতৰণ কৰাৰ পিছত এই দেৱীৰ ভোগবোৰো ভক্ত সকলৰ মাজত অলপ অলপ হলেও বিতৰণ কৰা হয়। ভাতৰ ভোগ অনাহাৰি গৃহস্থ সকলে গ্ৰহণ কৰে।

সমাজত পূজাৰ প্ৰভাৱ :

 চুবুৰীয়া বা সমাজৰ প্ৰভাৱ অতি আদৰ্শনীয়, পূজা শব্দৰ পৱিত্ৰতাই গোটেই সমাজখনৰ ওপৰত প্ৰভাৱ পেলাই। দুই-তিনিদিন আগৰ পৰা গৃহস্থৰ বাহিৰেও চুবুৰীয়া বা গাওঁবাসী কাপোৰ কানি তিয়াই পূজাৰ দিনাখন উপবাসে এক মঙ্গলময় পৰিৱেশৰ সূচনা কৰে৷ হাতত প্ৰসাদ, ধূপ-চাকী, ফল-মূল আদি লৈ কেচুৱা কোলাত লৈ যেতিয়া পূজা মণ্ডপলৈ আহে সেই সময়ত মানুহৰ শৰীৰৰ ৰিপু সমূহ যেন বহু দূৰলৈ আঁতৰি যায়। প্ৰতিজন সমাজুৱা যেন মন্ত্ৰমুগ্ধ হৈ এক পৱিত্ৰ স্থানত সমৱেত হৈছে। শিশু সকলৰ বাবে এক আদৰ্শৰ সময়। শিশু সকলৰ কোমল অন্তৰত এই পৰিৱেশে এক গভীৰ সাচ বহুৱাই৷ আজিৰ শিশু কালিৰ নাগৰিক। সেয়েহে

এই অনুষ্ঠান সমূহে ধর্মীয় অনুভূতিৰ লগত সমাজক ঐকান্তিকভাবে সমাজ

২৯