পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


যাজক

 সাধাৰণ মানুহে ধৰ্মক উপলব্ধি কৰিবলৈ কিছু পৰামৰ্শ বা উপদেশৰ প্রয়োজন হয়। সৰ্বসাধাৰণে ধৰ্মক সহজে বুজি নাপায়। সূক্ষ্ম দৃষ্টিৰে অনুভূত ধৰ্ম বা ভগৱানক উপলব্ধ কৰা কিছু ব্যক্তি বিশেষে ধৰ্মশাস্ত্ৰবোৰক কিছু হৃদয়ঙ্গম কৰি বিশদভাৱে বিশ্লেষণ কৰি তাৰ বাণী বা উপদেশবোৰ বিভিন্ন ধৰণে জনমানসত বিস্তাৰিত কৰি সমাজখনক ঐশ্বৰিক শক্তিক উপলব্ধ কৰিবৰ সক্ষম হয়। আদি যুগৰ যাজক সকলৰ বিষয় উল্লেখ কৰিবলৈ যাওতে প্রথমে ব্যাস বাল্মিকীৰ নাম ল’ব লাগিব কাৰণ প্ৰাথমিক জ্ঞানৰ আধাৰত ওঠৰখন পুৰাণৰ প্ৰণেতা মহাকবি ব্যাসদেৱ৷ এই পুৰাণ সমূহৰ হৰ, জ্ঞান আহৰণ নকৰাকৈ গীতা বা ভাগৱতৰ দৰে শাস্ত্ৰ বোৰৰ গভীৰ তত্বজ্ঞান আহৰণ কৰাটো সম্ভৱ নহয় ৷ আদি কবি বাল্মিকী ৰামৰ জন্মৰ আগতে ৰচনা কৰিছিল ৰামায়ণ । এই শাস্ত্ৰ সমূহৰ মত দৰ্শন বা আধ্যাত্মিক জ্ঞান, সমাজৰ মাজত আদিম যুগৰ পৰাই চৰ্চিত আৰু পালিত হৈ আহিছে। ইয়াক উলাই কৰা সম্ভৱ নহয়। কাৰণ যাজক সকল সদায় সাৱধান হ’ব লাগিব ৷ ধৰ্মৰ বাবে যেন সমাজখনত মতবিৰোধা বা ভাঙোন হ’ব নোৱাৰে। ধৰ্মৰ মূল অৰ্থই হ’ল সমাজক সচেতন কৰি একতাৰ বন্ধোনেৰে আগবাঢ়ি

যোৱা।

৩১