পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ
বৰাই দন্তৰ মাটি
তুলসী গুৰিৰ মাটি
ৰাজদ্বাৰৰ মাটি
বৃষভ শৃংঙ্গৰ মাটি

এই সমূহ দ্ৰব্যৰে দেৱী মহামায়াক স্নান কৰা হয়।

বলি বিধান আৰু সমাজ

দেৱী মনসাৰ পূজা দুই ধৰণে উপস্থাপন কৰা হয়

১। বৈষ্ণৱী বা (নিৰামিষ পূজা)
২। দেৱীৰ ষোড়শ পচাৰ (সামিষ পুজা)

বৈষ্ণৱী পূজা (নিৰামিষ):

 বৈদীক পদ্ধতিৰে বৈষ্ণৱী ৰূপত দেৱী মনসাক পূজা কৰা হয় ইয়াত ভোগ, প্ৰসাদ, অন্যান্য উপকৰণ দেৱীলৈ আগবঢ়োৱা হয় যদিওৱা পূজাখন নিৰামিষ কিন্তু বৈদীক পদ্ধতিৰে এটা কথা মন কৰিবলগীয়া যে পূজাত নাগৰ প্ৰসাদত হাঁহ কণী দিয়াৰ ব্যৱস্থা আছে। পূজাখন এদিনীয় হলে সন্ধ্যা হোৱাৰ আগত পূজা বিসৰ্জন কৰিব লাগে। ইয়াত এদিনীয়া পূজাত সন্ধিয়া আৰতি নেথাকে। পূজা তিনিদিন, পাঁচদিন বা এদিন যিয়েই নহওঁক মহাস্নান অপৰিহাৰ্য্য। নিৰামিয পূজাৰ দেৱীৰ ভোগ।

১। লুচি
২। চুজি
২৮