পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ধন্যবাদৰ পাত্ৰ হয়। আন বহু শিল্পীক দেখা যায় পদৰ সাৰাংশ বাদ দি সমাজৰ মনোৰঞ্জন কৰাৰ মানসেৰে আন আন হাস্য বা ব্যঙ্গৰ ৰসৰ সঞ্চাৰ কৰে। এনে ক্ষেত্ৰত সমাজৰ এচামে হাত তালি দি হাঁহিব৷ আন এচামে লাহে লাহে পূজা থলীৰ পৰা আঁতৰি যাব বিচাৰিব। এনে ধৰণৰ বাখ্যা সমূহ সদায় শিল্পী সকলে মন কৰিব লাগিব। সমাজৰ গতি বিধি চাই সংলাপবোৰ আগবঢ়াব লাগে। তেতিয়া সময়ৰ সৎ ব্যৱহাৰ উভয়ৰ ক্ষেত্রতে প্রযোজ্য হয়৷ এনে ধৰণে গৈ নিশা ন বাজিবৰ সময় হ’ল। এই পৰ্বত ওজাৰ পদ সমাপ্তি কৰিব লাগিব। কাৰণ সমাজৰ মনোৰঞ্জনৰ বাবে পূজাৰ এটা অনুষ্ঠান পিছলৈ যোৱা হৈছে। অৰ্থাৎ আৰতি প্ৰকৃততে দেৱীক সন্ধ্যা কালত আৰতি প্ৰদান কৰিব লাগে কিন্তু সমাজৰ প্ৰতি লক্ষ্য ৰাখি ৯.০০ বা ৯.৩০ বজালৈ পিচুৱাই দিয়া হ’ল। ওজাই সমাপ্তি ঘোষণা কৰাৰ লগে লগে বেছিভাগ দূৰ-দূৰণিৰ পৰা অহা সমাজুৱা ঘৰাঘৰী যায়। ওচৰ-চুবুৰীয়া কিছুমান পূজাথলীত থাকে ৷

আৰতি

 ব্ৰাহ্মণে যথা নিয়মে আৰতিৰ বাবে প্ৰস্তুত হয়। বিভিন্নজনে ঢোল, খোল, তাল, শংখ লৈ প্ৰস্তুত হয়। ওজাপালী আৰতি বন্দনা প্ৰৰিৱেশন কৰে। গৃহস্থে বা আন ভক্ত সকলে দেৱীৰ আৰতি সভক্তিৰে উপভোগ

কৰে।