পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

বাখ্যা কৰা হয় ৷ পদ পৰিৱেশন কৰাৰ পিছত ডাইনাপালী অৰ্থপূৰ্ণ হাস্যৰসৰ সঞ্চাৰ কৰে৷ যিহেতুকে শাস্ত্ৰ সমূহৰ উৎপত্তি সংস্কৃতৰ পৰা হৈছে সেয়েহে পদৰ অলঙ্কাৰ দিবলৈ ওজা, ডাইনাপালী যিমানে সংস্কৃত ভাষা ব্যৱহাৰ কৰিব সিমানে কাহিনীবোৰ বেছি শ্রুতিমধুৰ হয়। কিন্তু এটা কথা মন কৰিবলগীয়া যেন কোনো কাৰণত পদ ৰস ভঙ্গ নহয়।

 এটা কথা শিল্পী সকলে সদায় মনত ৰাখিব লাগে, আমাৰ পৰিৱেশনৰ মূল বিষয় কিহত নিবদ্ধ হৈ আছে। কি ধৰণেৰে ওজাদলে নৃত্য, গীত পৰিৱেশন কৰিলে সমাজ বা সমজুৱাৰ সময় আৰু উদ্দেশ্যত ব্যাঘাত নজন্মে। মন কৰিবলগীয়া ধাৰা তিনিটা—

১। ধর্ম ২। সংস্কাৰ

৩। সংস্কৃতি

 এই তিনি ধাৰাৰ সমন্বয় আৰু সঞ্চালন পদ্ধতি উপস্থিত সমাজখনক ধৰ্ম, সংস্কাৰ আৰু সংস্কৃতি শিক্ষাৰ কিয়দাংশ হলেও সমাজখনে গ্ৰহণ কৰিব পাৰিব। সমাজ সংস্কাৰ কৰাৰ উপাদান শিল্পী সকলে দিব পাৰিব লাগিব। সমাজখনত মহিলা শিশু, ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত আছে। তাত কেনে ধৰণে পদৰ বাখ্যা আগবঢ়ালে তাত থকা সকলোৰে বোধগম্য হ’ব। শিল্পী সকলে অলপ মনস্তাত্বিক জ্ঞানৰ হলে সমাজ আৰু শিল্পী উভয়ৰ কাৰণে শুভ আৰু এই ধৰণে পদ বা সংস্কৃত শ্লোক সমূহ উপস্থাপন কৰিলে সমাজৰ সৰু-বৰ সকলোৰে উপকাৰ সাধন হয়। যি বিষয়ৰ ওপৰত আলোচনা কৰা হয় বিষয়বস্তুৰ লগত প্ৰকাশ ভঙ্গি ভাব

গধুৰ হলে সমাজে পূৰ্ণ ৰস আস্বাদন কৰিব পাৰে আৰু এনে শিল্পী সমাজত

২৪