পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

আৰতি প্ৰকৰণ

 ১। ধুপ

 । মইদাৰ চাটি ঘিউ দি

 ৩। ধূনা

 ৪। চোঁৱৰ

 ৫। বিচনী (তালপট)

 ৬। আমৰ আগ বা গামোচা

 ৭ । বটাৰ ঠগী

 আৰতিৰ অন্তত প্ৰসাদ বিতৰণ কৰা হয়। আন কিছুমানৰ মতে দিনৰ হোম আৰু শান্তিৰ পিছত প্ৰসাদ বিতৰণ বা অন্যান্য মহাস্মান আদি বিতৰণ কৰা হয়। মহাস্মান পূজাৰ এটা বিশেষ দ্রব্য। জন বিশ্বাসত মহাস্নানে বহু পুৰণি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত হেনো ঔষধি গুণ সম্পন্ন হয় ৷ অস্বীকাৰ কৰিব নোৱাৰি। কাৰণ ই অকল শাস্ত্ৰই নহয় ইয়াৰ এটা বিজ্ঞান ভিত্তিক কাৰণো আছে। যিবোৰ উপাদানেৰে মহাস্নান প্ৰস্তুত কৰা হয় ইয়াৰ প্ৰত্যেক দ্ৰব্যৰ ঔষধি গুণ সম্পন্ন দ্ৰব্যৰে, দেৱীক মহাস্নান কৰা হয়। মহাস্নানৰ দ্রব্য সমূহ বিভিন্ন গছ, বন আৰু মানুহৰ শৰীৰত শক্তি বৃদ্ধি কৰিব পৰা উপাদান সমূহৰ সমষ্টি বুলি কলে ভুল কোৱা নহ’ব। উপাদান সমূহ দেখিলে

সি সহজে অনুমেয় যে এইবোৰ শৰীৰৰ বাবে অতি প্রয়োজনীয় বস্তু।

২৬