পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

নথকা নহয়৷ দৰঙ্গীয়া ওজা দলত নামনিৰ ওজাদলৰ দৰে লগত কিছু ক্ষেত্ৰত অমিল হয়। দৰঙ্গীয়া ওজাই মুৰত পাগ লয় আৰু বাকী সকলে পাঞ্জাৱীৰ পৰিৱৰ্ত্তে ধুতি, গেঞ্জি, মুৰত মেৰিওৱা পাগুৰি আৰু গামোচা ব্যৱহাৰ কৰে। দৰঙ্গীয়া ওজা দলৰ পালী-ডাইনাপালী আটাই কেইজনক একেই দেখা যায়৷ আটাইবোৰে হাতেৰে মোচন বা ভঙ্গিমা কৰা দেখা যায়। কিন্তু নামনি অসমৰ ওজাপালী যেতিয়া নৃত্য-গীত পৰিৱেশন কৰে পালী সকলে এটা শাৰীত থিয় হৈ পালী-ডাইনাপালীক সহায় কৰে কিন্তু ভঙ্গিমা নকৰে। দৰঙ্গীয়া ওজা দলত পাঁচৰ পৰা ন জন পৰ্যন্ত শিল্পী থাকে। কাৰণ এখেত সকলে ঢোল তাল লগত লৈ যায়। ওজা গোৱাৰ উপৰিও ওজা দলৰ শিল্পী বলি বা আতী অথবা দেওধা দেওধনী নৃত্যৰ সময়ত ঢোল বাদ্য কৰা দেখা যায়। কিন্তু নামনি অসমৰ ওজাপালী সকলে ঢোল, বাদ্য নকৰে৷ দৰঙ্গীয়া ওজাই প্ৰয়োজন অনুসৰি দেওধনী লগত লৈ যায়। নামনি অসমৰ ওজা দলে দেওধা বা দেওধনী নচুওৱা পদ্ধতি আছে কিন্তু দেওধা দেওধনী লগত নিনিয়ে। এইয়া গৃহস্থ বা সমাজে নিমন্ত্ৰণ কৰে। আনহাতে তুলনামূলক ভাবে দৰঙ্গীয়া আৰু নামনি অসমৰ ওজাপালিৰ মাজত কিছু কিছু ক্ষেত্ৰত অমিল দেখা গলেও ইয়াক বিভক্ত কৰিব নোৱাৰি কাৰণ ওজাৰ মূল ভাগ মাত্ৰ দুটা।

১। সুকনান্নী ওজা
২। বিয়াহৰ ওজা

 সুকনান্নী ওজা পুৰাণৰ আধাৰত পদ প্ৰচাৰিত আৰু ব্যাসৰ ওজা

(ভাওৰীয়া) সকল ৰামায়ণ মহাভাৰত কাব্যৰ আধাৰত প্ৰতিস্থিত৷ বিয়াহৰ