পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ঘৰত পূজা হলেও চুবুৰীয়াৰ ঘৰতো একে পৱিত্ৰতা বিৰাজ কৰে। প্ৰতিজন মানুহৰ মনৰ ভাৱ ভক্তিৰে পূৰ্ণ হয়। জানোচা অপবিত্ৰ মনোভাবে বা অপবিত্ৰ বস্ত্ৰ আদিৰ পূজাত প্ৰৱেশ কৰিলে দেৱ-দেৱী অসন্তুষ্ট হলে ঘৰ বা পৰিয়ালৰ অন্যায় হ’ব পাৰে৷ সেয়েহে সকলোৱে এক পৱিত্ৰ ভাৱধাৰা মনত পোষণ কৰো। এই ভাৱধাৰা তলৰ চামৰ হৃদয়ত স্পৰ্শ কৰাৰ পিছত এই সকল ব্যক্তি সমাজৰ অনাদৃত পথলৈ ঢাপলি মেলিবলৈ সুযোগ নাপাই। ফলত এখন সুস্থ আৰু সংহত সমাজ সৃষ্টি হয়। পূজা-পাৰ্বণত ব্যৱহৃত ওজাপালীৰ পৰিচয়ঃ

 ওজাপালি প্ৰাচীনতম লোক কলা ওজাপালী দল সমূহত পাঁচজনৰ পৰা সাত জনলৈ সদস্য থাকে।

১। ওজা  ২। ডাইনাপালী
৩। মুখ্য পালী  ৪। পালী
৫। পালী  ৬। পালী

পোচাক পৰিচ্ছদ:

 সাধাৰণতে বৰ্ত্তমানৰ ওজাপালী ধুতি, পাঞ্জাৱী ব্যৱহাৰ কৰে ওজা আৰু ডাইনাপালী একোখন চাদৰ আৰু পালী সকলে ডিঙিত গামোচা লয়। প্ৰবাদ আছে প্ৰায় এশ বছৰ মান আগত ওজাজনে ডিঙিত মনি, কাণত থুবিয়া, মুৰত পাগ ব্যৱহাৰ কৰিছিল। কালাক্ৰমত এইবোৰৰ ব্যৱহাৰ বৰ্ত্তমান সমাজত নাই। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি নামনি

অসম আৰু মধ্য অসম অৰ্থাৎ দৰঙ্গীয়া ওজাপালীৰ মাজত কিছু পাৰ্থক্য