সমললৈ যাওক

পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

ওজাজনে পাঞ্জাৱী চোলা বা ধুতী ব্যৱহাৰ নকৰে। ওজাজনে জামা চোলা, মূৰত টুপি, ককালত কলা ৰঙৰ এখন দীঘল কাপোৰ। যাক (টঙালি বুলি ক’ব পাৰি) ব্যৱহাৰ কৰে। ওজাদলৰ দৰে ব্যাসৰ ওজা বা ভাওৰীয়া দলত পাঁচ-ছয়জন শিল্পী থাকে। ভাওৰীয়া শিল্পী সকলে কপালত বগা ফোট লয়। ভাওৰীয়া দলৰ শিল্পী ব্যৱহাৰ কৰা তাল দুই হাতে দুপাত লৈ বজাই। কিন্তু ওজাপালী এখন হাতেৰে তাল বজায়।

 ওজাপালীৰ তাল-

১। মঞ্জুৰী  ২। ভাওৰীয়া তাল (খুটিতাল)

 ভাওৰীয়া ওজা গুৰুজনা শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি। সত্ৰীয়া নৃত্য ভাওনাৰ সূত্ৰধাৰ আদিৰ পোচাক পৰিচ্ছদ, তাল ভঙ্গিমা আদি ভাওৰীয়া ওজা দলৰ লগত মিল দেখা যায়। ৰামায়ণ, মহাভাৰতৰ আখ্যানবোৰ ভাওৰীয়াই পৰিৱেশন কৰে। ভাওৰীয়া দলৰ ডাইনা পালীজনে তত্ত্বগধুৰ বাখ্যাৰ পৰিবৰ্ত্তে প্ৰায় সময়তে হাস্যৰস উপস্থাপন কৰে বেছি। আচলতে ব্যাসৰ ওজা বা ভাওৰীয়া সম্পূৰ্ণ বৈষ্ণৱ পন্থী। সবাহ নাম আদিত ভাওৰীয়া ওজাই নৃত্য-গীত পৰিৱেশন কৰে। কালক্ৰমত ভাওৰীয়া দলেও ওজাপালীৰ দৰে দুৰ্গা পূজা, লক্ষ্মী পূজা ইত্যাদি পূজাতো নৃত্য, পৰিৱেশন কৰা দেখা যায়। গীত

শিক্ষাঃ

 ওজা বা ভাওৰীয়া দল সমূহ অনানুষ্ঠানিক শিক্ষাৰ ভিত্তিত এই শিক্ষা গ্ৰহণ কৰে। কাৰণ এই সকল শিল্পীৰ শিক্ষা লাভৰ বাবে কোনো

ধৰণৰ শিক্ষাৰ কেন্দ্ৰ নাই। এই কলাৰ জন্ম লগ্নৰে পৰা ই আনুষ্ঠানিক

১০