পৃষ্ঠা:লীলা.pdf/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৫৩
লীলা
 

শক্ৰক নেদেখা কৰে, বঢ়াই আন্ধাৰ;
ব্যাধৰ লুকনি আঁৰ। মুহূৰ্ত্ত নাযায়,
ধৰে যেন বেৰি আহি, শতেক অপায়ে।
“আছে বা কিমান আৰু আগলই বাট?”
আতুৰা লীলাৰ প্ৰশ্ন নীৰলে সৰিল,
ভয়-গাঁথি ফৰমুটি খাই। মন মোৰ
চিন্তাযুত, বুজনিৰ বিচাৰি উপায়;
প্ৰিয়াক অভয় দিওঁ, ক্ষণ চমুৱাই,
“পালোঁহি, অলপ আছে” প্ৰবোধ পানীৰে
নুমালোঁ উদ্বিগ্ন জুই, হিয়াত লীলাৰ।
পাহৰালোঁ ভয়ভাব, জুৰি সাধুকথা।
অলৌকিক উপন্যাস, বিপদ, উদ্ধাৰ,
কথমপি গা-সৰা, পুনু সুখভাগী,
অদ্ভুত ঘটনা-পাক মেলি সুকৌশলে,
ভুলালোঁ তিনটি প্ৰাণী, শঙ্কা পাহৰাই।
উমানত গৰু-খেদা, নীৰৱ চালক,
লাগিল তৱধ শুনি ঐশ্বৰিক লীলা।
অকস্মাৎ ৰিনি ৰিণি, শিঙা-উকিয়নি;
লৰি লৰি বস্তি এটি চাপে কাষলই।
ঈশ্বৰ-প্ৰেৰিত যেন অনাথ সাৰথি,
অথন্তৰ অৱস্থাত উপস্থিত আহি।—
চিনিলোঁ চিনাকী সাজে, ডাক-ভাৰী দুটি।
সুধিলোঁ আবেগ সুৰে সম্বোধি ‘ককাই’
কিমানত আছে আগে, আলহী আশ্ৰয়?