পৃষ্ঠা:লীলা.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩২
লীলা


মিলিল সংসাৰী-লীলা সৃষ্টি-লীলা স'তে।
মনে মনে আশঙ্কাৰ বাঢ়িল ঠেঙ্গুলি,
অজগৰ মুখে যেন, ভয়ে-ছেপা প্ৰাণী,
গ্ৰাসিলে যেতিয়া আহি ঘোৰ অন্ধকাৰে।
বন-শত্ৰু পাচ কথা; মনোৰাজ্য জুৰি,
মনে-পতা শত্ৰু দলে কঁপালে হৃদয়।
কতো নাই সাৰ-সুৰ, নিটাল প্ৰকৃতি
পৰিছে নিজম। নিমাত চালকে গাড়ী
চলায় নীৰৱে। কু-শবদে গাড়ী-ঘিলা,
ঘূৰিছে বাগৰি। মাজে মাজে সঁহাৰিটি
উঠে মোৰ কণ্ঠ এৰি; বাজে-গহীনাই।
পৰে সি নিজম পুনু; কাঁহপাত্ৰে যেনে
উঠি শব্দ পৰে জঁয়, আপুনি নিজম।
মিলে সি নিটাল ভেদি অনন্ত আন্ধাৰে,
নেৰাখি তাৰ চিন্ একো। ক্ষন্তেক পাচে,
প্ৰকৃতিৰ ঘোৰ ৰূপ, মানৱ হিয়াত
উথলে দুগুণে হাঁয়, দুৰ্যোগ চৰাই।
অন্ত নাই আন্ধাৰৰ। নপৰে সৰকি
এনি-তেনি জিলিকনি এটি। নিশাকৰ
ভালেখিনি পাচে। থমকি থমকি মাথোঁ,
জ্বলে এটি বন্তি আগে, গাড়ী-চ'য়ে-যোঁট।
জিলিকায় সি আলোকে গাড়ী-প্ৰাণীকিটি
নিৰাশ্ৰয়, নিসহায়, ভয়ত আতুৰ,
অটব্য অৰণ্য মাজে, শতৰু মুখত;