সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লীলা।

প্ৰথম পৰিচ্ছেদ।

 চ'ত মাহ। পানীৰ বৰ আকাল। মানুহে পানী পানী কৰি হাবাথুৰি খাব লগাত পৰিছে। বিল খালবোৰ শুকাই জৰ্জ্জৰীয়া হ’ল। তেওঁলোকৰ তাহানিৰ সজীব বুকুত নিৰ্জ্জীবতাৰ পূৰ্ণ ছাঁ পৰিল। এই শোকত শোকাতুৰ বিল খালবোৰৰ গহীন গম্ভীৰ বুকু, সূৰ্য্যদেৱে প্ৰখৰ তাপ স্বৰূপ সুতীক্ষ্ণ তৰোৱাল খনিৰে চিৰা-চিৰ কৰাই সন্তাপৰ বোজাটিৰ ওজন অলপ কমাই দিলে। আচল কথাটি খুলি কবলৈ হলে, যি বিল-খালৰ নিৰ্ম্মল পানীত এদিন নানা শ্ৰেণীৰ মাছবোৰে ৰঙেৰে খেলিছিল, য'ত পদুম, ভেট প্ৰভৃতি নানা তৰহৰ মনমোহা জলজফুলে হিয়া উদঙ্গাই হাঁহিছিল, আকৌ