এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭১ ]
পদ্মৰাজিৰে পৰিশোভিত সৰোবৰবোৰ চকুৰ আগত
ৰাখিলেও, সুখাদ্য ভোজনেৰে মনৰ তৃপ্তি সাধিলেও
আৰু দেববাঞ্চিত বেশ-ভূষা পৰিধান কৰিলেও,
নিজৰ জনম ভূমিত থকা পজাটিলৈ যে কেতিয়াবা
কেতিয়াবা মন বিয়াকুল হয়, ই মানুহৰ স্বাভাবিক
লক্ষণ। তেনে স্থলত লাবণ্যৰো যে মন লৰা
নাছিল, এনে নহয়। কেৱল ৰক্ষণশীল হিন্দু
সমাজৰ হেচাত পৰি “ত্ৰাহি ! ত্ৰাহি !!” যে কৰিব
লাগিব ইত্যাদি ভাবিহে মনৰ ভাৱ মনতে মাৰ
খেদাইছিল।
এতিয়া গছ-লতা উভয়েৰে মন-বঠাৰ খাব
এফালে ললে যেতিয়া আৰু কি থিৰেৰে থাকিব
পাৰে ? লাবণ্যই যথা সম্পত্তি বেছি ৫০০ ৰূপ
হাতত লৈ ভট্টাচাৰ্য্যৰ ওচৰত মেলানি মাগি, লীলা
আৰু পোনাটিৰে সৈতে শুভদিনত নিজ ঘৰৰ পিনে
যাত্ৰা কৰিলে।
— — —