পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


(৭)। চেৰ পেলালে। বিয়াৰ এবছৰৰ পাছতেই লীলাৰ এটি ৰা উপজিল। দুখৰ এঘণ্টা সময়কো এযুগ আকৌ সুখৰ এযুগকে এখন্তেক যেন বিবেচনা কৰা মানুহৰ স্বাভাৱিক লক্ষণ। লীলা লাবণ্যৰ মনত এবছৰেই এখন্তেক লগা যেন হ’ল। কিন্তু কিছু দিনৰ মুৰত, এই সুখ-সৌৰ ভৰ মাজলৈ যে দুখ-দুৰ্গন্ধ অলপ অগ নাছিল, এনে নহয। লাৰণাৰ কথা নকওঁৱেই, দুখ দানবৰ হাতত পৰা দিনৰে পৰা, বশেষকৈ লীলাৰ হৃদয় জুহালত, শৈশৱ কালত মাক বাপেকৰ মৰমত তপোবনৰ নৰ মল্লিকা জুপিৰ দৰে যে ডাঙ্গৰ দীঘল হৈছিল, এই কথা খিনি তুহৰ জুইৰ দৰে জ্বলিছিল। তাতে আকৌ তেওঁ- লোকৰ চালুকীয়া হিয়াৰ মনিটিয়ে মধুৰ হাঁহি মাৰি আধা ফুটা মাতেৰে যেতিয়া আ বা, আ বা, আ তা, আ , কৰিছিল, তেতিয়া সেই জুইত ঘিউ পৰি দগুণে জ্বলিছিল। মানুহে দূৰণিত মনোহৰ উপবন সমূহেৰে সুশো- ভিত অট্টালিকাত বাস কৰিলেও, প্ৰস্ফুটিত