পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৬৯] ডিবৰুলৈ ( ডিব্ৰুগলৈ) উটাই আনে তেন্তে তাৰ বাবে দোষী কোন? যদি তৰঙ্গই দোষৰ ভাগৰ লগাত পৰে, তেন্তে চক্ৰবাককে ঠিক তেনেদৰে অনাই-বনাই ঘুৰাই, চক্ৰবাক যুগলক আকৌ মিলন সুলত গাথা বাবে গুণৰ ভাগীও হবনে? সুখৰ কথা, লাহে লাহে উভয়ে উভয়ৰ বিস্ময় ও দুখ পূৰ্ণ ঘটনাবলীৰ কথা হিয়া খুলি কৈ, তেওঁলোকে, আকৌ কৰ্ম্ম ক্ষেত্ৰত ভৰি দিলে। উভয়ৰ প্ৰাণত নব জীৱনৰ সঞ্চাৰ হ’ল। লগতে লাবণ্যৰ আশ্ৰয় দাল ভট্টাচাৰ্যৰ সাহায্যত বিবাহ বন্ধনেৰে বান্ধ খালে। তেওঁলোকৰ বিবাহ আনৰ বিবাহতকৈ বাকি তাড়ম্বৰ বিহীন হলেও, দম্পতি যুগলৰ যে অন্ত- ৰাত্মাৰ পূৰ্ণ মিলন হৈছিল, তাক কোনেও নুই কৰিব নোৱাৰে। বিয়া বাৰু সমাপন হলত, তেওঁলোকে গাৰ্হস্থ্য জীৱনত ভৰি দিলে। তেওঁলোকৰ দাম্পত্য প্ৰেমে কুঞ্জবন বিহাৰী কতো কয়েণৰ দাম্পত্য প্ৰেমকো