সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৮ ]

পবিত্ৰ পদলৈ পঠোৱা নাছিলোনে ? কোন পাপি- নীৰ পাপ পাকত পৰি ইমান দুখ-কষ্ট অকাতৰে বুকু পাতি ললে?”
 লাবণ্য ! আজি তোমাৰ জীৱনৰ মাহেন্দ্ৰক্ষণ উপস্থিত। তোমাৰ সন্তাপৰ সময় নহয়। আচ- লতে, মানব জীৱন সুখ-দুখৰ কুৰুক্ষেত্ৰ। যি এই মহাসমৰত সহিষ্ণুত ঢাল খনিৰে দুখ-খড়গৰ ঘা সহিবলৈ সমৰ্থ হয়, তেওঁ জয় লাভ বোলা সুখৰ পোহৰৰ সহা- য়েৰে সংসাৰ সাগৰত সেতু বান্ধি, হেলাৰঙ্গে পাৰ হৈ জীৱনৰ লক্ষস্থানত জিলিকিব পাৰে। তেনেস্থলত জীৱনৰ অন্তৰায় সমূহক চাই, দূৰৈত পৰিহৰ দি নিজৰ জীৱনক অকৰ্ম্মণ্য বিবেচনা কৰাতকৈ মানুহৰ “একালত দুখ, একালত সুখ” এই প্ৰবোধ সূচক বচন আষাৰিকে হিয়াত লৈ, কৰ্ম্মময় জীৱনক কৰ্ম্মৰ পৰা বঞ্চিত নকৰাটোহে বাঞ্চনীয়। কিয়নো “কৰ্ম্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন"। তোমাৰ কৰ্ম্মতহে অধিকাৰ কৰ্ম্ম ফলত নহয়। আকৌ ভাবাচোন ! মানস সৰোবৰৰ সুবিমল সলিলত খেলা খেলি থকা চক্ৰবাক দম্পতিৰ চক্ৰবাকীক যদি ব্ৰহ্মপুত্ৰৰ প্ৰবল তৰঙ্গই