এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৭]
অবশেষত লাবণ্যই অতিকষ্টেৰে মাত লগালে, “লীলা! অভাগাৰ বাবে কত নিকাৰ ভূগিলা। নদীৰ প্ৰবল সোঁতত পৰি সহায়হীন তিৰিণ্ এগছ যেনেকৈ কপি কপি উটি-ভাহি যায়, হায়, অভা- গাৰ বাবেই নানা অপদ-বিপদৰ নৈৰ সোঁতত সহায়হীনা তুমি কিমান যে হাবু ডুবু খালা, তাক তোমাৰ অৱস্থাই কয়। কৰুণাময়! মহাপাপীৰ নৰকতো ঠাই হবনে? পৰম পিতা! তোমাৰ অধম সন্তানে দুদিনীয়া ভাবি সুখ-সৌভাগ্যৰ মৰীচিকাত মোহ গৈ তয়া-ময়া দেখিব লগাত পৰিছো, জালত লগা সিঙ্গৰা হেন হৈছো এতিয়াই পাপ-জুইত পুৰি জঘণ্যৰ অস্তিত্ব দূৰ নকৰা কিয়? জঘণ্যৰ জঘণ্য বৃত্তিক অনুকৰণ কৰি তোমাৰ কেতামান সুসন্তানো যে লয় পাব।”
লীলা—“প্ৰভো! পাপিনীক সন্তাপ নৈত উটাই জলা-কলা কৰে কিয়? তাহানিখন, জীৱনৰ পট- পৰিবৰ্ত্তনৰ সময়ত, লেৰেলা বকুল মা ধৰবে অভাগিনীৰ ভাগ্যৰ সকলো সুখ-দুখ, সম্পদ-বিপদ
ঞ