এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৬]
এইবাৰৰ বিপদৰ ঘাই কাৰণ, তেওঁৰ একমাত্ৰ অবলম্বন বচনৰ মাক যোৱা জহনীত ঢুকাল। ইপিনে ৰচনো শহুৰি খাটিবলৈ ওলাই গৈছে। কাজে কাজে লীলাই পেটক প্ৰবোধ দিবলৈ ভিক্ষা বৃত্তি অবলম্বন কৰিব লগীয়াত পৰিল। এই অৱস্থাতেই তেওঁৰ তিনি বছৰ এঘাৰ মাহ উকলি গ'ল।
ঈশ্বৰৰ ইচ্ছাতেই বোলক, খুজি মাগি আহোতে আহোতে হঠাৎ এদিন তেওঁ লাবন্যৰ ঘৰ পালেহি। ইয়াতে দুয়োকো দুয়ো চিনি পালে। দীৰ্ঘকাল বিৰহ ভোগৰ পাছত চিন্তা-শ্ৰীবৎস, নল-দময়ন্তী অথবা এঞ্জেলিনা এডুইনৰ পুনৰ মিলনত অন্তৰাত্মাত যি অব্যক্ত আনন্দই খেলা কৰিছিল, আমাৰ লীলা লাবন্য়ৰো ঠিক তেনেকুৱাই হ'ল। আনন্দতে চকুৰ পানী ওলাব ধৰিলে। আন আন ইন্দ্ৰিয়বোৰৰ কাৰ্য্য দক্ষতাই তেতিয়াৰ বাবে মেলানি মাগি তেওঁলোকৰ কৰ্ম্মকুশলতাক চকুৰ কাৰ্য্যত হে যেন যোগ দিব আদেশ দিলে, ফলতঃ চকুৱে অবসৰ নপোৱা হ'ল।