পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৬৫ সপোনৰ দৰে অমূলক আছিল বাৰ মনৰ প্ৰফুল্ল- তাই ভোমোৰা বিলাকৰ গুণ গুণ গানত আৰু সুশীতল সমীৰণ সম্ভাষণত আপ্যায়িত হৈ সৰবৰৰ বিমল পানীৰ ওপৰত উলাহতে নচি-বাগি থকা পদ্মিনীৰ প্ৰফুল্লতাকে উপহাস কৰিব পাৰিছিল, সেই ললিতৰ হিয়াৰ পুতলি লীলাৰ আজি কি বিপন্ন অৱস্থা। নিশানাথৰ লগত সতিনায়েক কুমুদিনীৰ কৌতুক চকুত পৰিলে, হৰিষতে হালি-জুলি থকা পদ্মিনীৰ সুকোমল শুভ্ৰ দেহখনি মৰ দুখতে জয় পৰি যোৱাৰ দৰ, বাৰে বাৰে নানা বিপদ সমুদ্ৰ উটি-ভাহি থকা সময়ত, সখিয়েক লবঙ্গসহঁত সুখ-সম্পদক ভাবি ভাবি নিজৰ জীৱনলৈ ধিক্কাৰ আনোতে, আজি আকৌ লীলাৰ লাবণ্য জয় পৰি গ'ল। তেওঁ আজি পথৰ কাঙ্গালিনী। পেটত প্ৰবোধ দিবলৈ ওৰে দিনটো হাবা থুৰি খাব লগাত পৰিছে! মৰমৰ সলনি ঘৃণা অথৰ সলনি দুখ, হৰিষৰ সলনি বিষাদ, সুবেশৰ ঠাইত কুৱেশ দুগ্ধ ফেন নিভ শয্যাৰ ঠাইত অপৰিষ্কাৰ তৃণ শ্যা আজি তেওঁৰ ভাগ্যত দৈনন্দিন ঘটিব লাগছে।