পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৬৪] মান পাছতে লীলা আৰু বচন সখিত্ব বান্ধোনেৰে বান্ধ খালে। বচনহঁতৰ মৰম বেথাৰ মাজত লালাই সুখেৰে কাল যাপন কৰিব ধৰিলে। নবম পৰিচ্ছেদ। বিধাতাৰ ভড়ালৰ পৰা সংসাৰলৈ লৈ অহা চাউল মুঠি মুচুকায় মানে মানুহে নানা ঘাত-প্ৰতি- ঘাতৰ মাজেদি গৈও জীৱন যুদ্ধত জয়লাভ কৰে। কৰুণাময়ৰ কৃপাদৃষ্টিত পৰিলে বোবাও বাকপটু হয় আৰু খোৰাইও পৰ্বত অতিক্ৰম কৰিব পাৰে। কিন্তু ইয়াকে দেখিবলৈ পোৱা যায় সৌভাগ্য সৰোবৰত সাতুৰি-নাদুৰি থকা সঙ্গতিপন্ন মানুহে কালৰ কুটাল গতিত দুৰ্ভাগ্য দলনিত পৰি চৈধ ভূবন দেখে। লীলাময়ৰ লীলা বুজা টান। যাৰ জীৱনৰ আদি হোৱাত অল্প কষ্ট বোলা কথাটি নিশাৰ