এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬৩]
নিৰ ফালৰ পৰা পলাই অহা লীলাৰ চকুজুৰি আৰু বচনৰ চকুজুৰিৰ হঠাৎ সাক্ষাৎ হ'ল। লীলাক দেখি প্ৰথমতে যদিও বচনৰ হিয়াত অলপ ভয়ৰ সঞ্চাৰ হৈছিল, তথাপি মাকৰ “দীন দুপৰীয়া কিহৰ ভয়?” কথা আষাৰিয়ে বচনৰ সন্দেহ আঁতৰাই নিলে।
দয়া, মমতা প্ৰভৃতি সজগুণবোৰৰ প্ৰভাৱ মটাতকৈ তিৰোত হে বেছি। লীলাৰ দুৰৱস্থাৰ কথা শুনিব পাই, তিৰিমতী বচনৰ মাকৰ হিয়া মৰমতে পমি গ'ল। ইপিনে লীলা যদিও অপৰিচিতা, তথাপি বয়স আৰু ৰূপ-গুণৰ সাম্যতা থকা বাবে বচনৰ বেথা উপজিল। তেওঁ লীলাক লগতে মোমায়েকহঁতৰ ঘৰলৈ লৈ গ'ল আৰু ততালিকে খোৱাৰ বন্দবস্ত কৰি দিলে।
মানুহৰ কথা বতৰাত আৰু গৰুৰ চেলেকা- চেলেকিত আদৰ বাঢ়ি যায়। লীলাৰ আদৰ-সম্ভাষণত বচনৰ মন লৰিল আৰু আবেলি লীলাক তেওঁলোকৰ ঘৰলৈ লৈ গ'ল। ইয়াৰ কেইদিন