সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৬২]

ভূঁই বোৰত সোমাই বৰ অহুকাল ঘটায়। বাৰিষা বান পানী আহি পথাৰবোৰ ৰূপৰ পতা যেন কৰি তুলিলে, জপিয়াই জপিয়াই অহা ধুনীয়া পহুবোৰ চাই থাকিবৰ মন যায়। বিয়াবাৰু বোৰত বাৰুদৰ ফুলজাৰি লগালে, যি এটি চকুত চমক্ লগা দৃশ্য দেখা যায় হৰিণৰ খুৰাৰ কোবত চিটিকা পানীবোৰৰো তেনে দৃশ্য হৈ মন প্ৰাণ হৰে। বোধকৰো বিধাতাই বিয়াবাৰু হব নোৱাৰা এই সময়ত পানীৰে এনে মন মোহা দৃশ্য তৈয়াৰ কৰি পৰাণীবোৰক দেখুৱায়।

 বুঢ়া-বুঢ়ী সকলৰ মুখৰ পৰা এই বননিৰ ভিতৰত কিছুমান লোমহৰ্ষক কাণ্ড ঘটা বুলি শুনা যায়। সচানে মিছা, সেইটোলৈ পৰচকু অন্ধকাৰ। ওচৰৰ গাওঁৰ ওখ গছত উঠি বননিৰ ফালে চকু কৰিলে, এতিয়াও বননিৰ ঠিক সোঁ মাজত এটি পুখুৰীৰ পাৰত এডাল কাকিনী তামোলে আকাশ ধিয়াই থকা দেখা যায়।

 সিবোৰ যি হওক, বচন আৰু মাক গৈ গৈ মোমায়েকহঁতৰ ঘৰৰ ওচৰ পালে। এনেতে বন-