এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৬১]
ডাঙ্গৰৰ আদেশ পালিবলৈ হেলা নকৰা বাবেই তেওঁৰ নাম হ'ল বচনপ্ৰিয়া।
মুঠ কথা, আজি ৰাতি পুৱাৰে পৰা, মাকক কেনেকৈ সোনকালে উলিয়াই নিব পাৰে এই চিন্তাতেই বচন ব্যস্ত। মাকক সোনকালে ওলাবলৈ কত যে খাটিলে, মাকৰ হৈ গৃহস্থিৰ কাম- বন কত যে কৰি আঁতালে তথাপি থেন, থেন- মেন, মেন, মাকৰ ওলাবৰ নইযেই। বহু খাটনিৰ ফলত যি হওক মাক সাজু হৈ ওলাল আৰু বচ- নক আগতলৈ ভায়েকহঁতৰ ঘৰৰ পিনে যাত্ৰা কৰিলে।
বচনৰ মোমায়েকৰ ঘৰ ভোজকুছিত। ভোজ কুছি বৰপিট বোলা প্ৰকাণ্ড বননি খনিৰ উত্তৰ ফালে; কিছু আঁতৰত। পাঠক! আমাৰ লীলা লবনৰ আশালতা জুপি লেৰেলা পৰা ঘটনাটি যদি ফহিয়াই লয়, তেন্তে বৰপিটৰ ভীষণতা বুজি- বলৈ আপোনাৰ আৰু বেছি সামগ্ৰীৰ দৰ্কাৰ নহব। এই বননিৰ গাহৰি, বাঘ প্ৰভৃতি বা ৰীয়া জন্তুবোৰ মাজে মাজে বননিৰ ওচৰৰ গাওঁ