সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৫৮]

এহাল হালোৱা গৰু আৰু হালৰ সঁজুলিবোৰ সংগ্ৰহ কৰি খেতিবাতি কৰিব ধৰিলে। পৰিশ্ৰমী মানুহ লক্ষীৰ বৰ পুত্ৰ। সুপৰিশ্ৰমৰ ফলত এবছৰৰ ভিতৰতেই তেওঁৰ গাৰ কাণি ডুখৰি আৰু পেট ভাত মুঠি মিলা হ'ল।

⸺০⸺


অষ্টম পৰিচ্ছেদ।

⸺০⸺

 সেই জীৱনৰ অমাবস্যাৰ সময়ত, দয়াল হৰিয়ে লীলাৰ হিয়াত খুন্দা মাৰি দিলে নেকি—আহিবৰ সময়ত শাৰীৰ আচলত যে এখনি পহুদেবীয়া সৰু চোকা কটাৰী বান্ধি আনিছিল, এই কথা খিনি জীৱনৰ সেই সন্ধিক্ষণত তেওঁৰ মনত পৰিল। এই শেষ চেষ্টাৰ সময়ত তেওঁ ততালিকে আঁচলৰ পৰা কটাৰী খনি উলিয়াই মৰোঁ জীওঁ সোঁ আধিকৈ কটাৰী খনিৰে লতা-পতাবোৰ কাটিব ধৰিলে।