পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৫৭] বিয়লাৰ বহুত পিছত, দুয়ো কোনেও সম্ভেদ নেপো- ৱাকৈ ঘৰৰ পৰা বাজ হ'ল। মৰি মৰজাহ দি ঘৰৰ পৰা ৫৬ মাইল মান অতিৰলৈকে যাওঁতেই সূৰ্যদেৱ অদূৰ ভবিষতত পূব আকাশলৈকে যে আহিব, তৰক, ধৰিব পাৰা গল। গতিকে নিজ গাওঁৰ ওচৰতে থকা বাবে, দুনাই যোৱা মঙ্গল কৰ নহব বুলি ভাবি, ৰাতিপুৱাই বননিৰ ভিতৰ সোমাল। পেটৰ তোকৰ কলমলনিৰ কোৰত তয়া-ময় দেখিব লগীয়া হোৱাত আবেলি লীলাক গছৰ তলত বহুৱাই থৈ লাবন্য ফল-মূলৰ অনুসন্ধানত বাহিৰ হ’ল। কিন্তু বিধিৰ বিপাকত পৰি, তেওঁৰ দুনাই লীলাৰ লগত সাক্ষাৎ নঘটিল। গতিকে কিংকৰ্তব্য বিমুঢ় হৈ তাতে এৰাতি কটাই অৱশেষত নগাওঁত ওলালগৈ। কিন্তু তাতে শান্তি লভিব নোৱাৰি দুনাই উভতি আহি ভট্টাচাৰ্যৰ আশ্ৰয় ললেহি। সকলো মানুহৰ পৰাধীন জীৱনত সমান অভিৰুচি নেথাকে। সেইদৰে চাকৰি কৰিবলৈ লাবন্যৰ মনে অবোধ নেমানাত ভট্টাচাৰ্যৰ আশ্ৰয়ত তেওঁৰ ঘৰৰ ওচৰত ঘৰ-দুৱাৰ সাজি লৈ নিজে